বিধায়ক সুৰেণ ফুকনে হাপজান ব্লকৰ দুৰ্নীতিগ্ৰস্ত বিষয়া হেৰী পলচ ফাৰ্ণাণ্ডেজক ৰক্ষণাবেক্ষণ দিয়া আৰু চাহ জনগোষ্ঠীক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ ষড়যন্ত্ৰ কৰাৰ প্ৰতিবাদত পথ অৱৰোধ

 08/28/2020 - 14:47


ডুমডুমাঃ তিনিচুকীয়া জিলাৰ হাপজান ব্লকৰ খণ্ড উন্নয়ণ বিষয়াই ব্লকটোৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীয়ে ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

ইফালে, দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা হাপজান ব্লকৰ খণ্ড উন্নয়ণ বিষয়া হেৰী পলচ ফাৰ্ণাণ্ডেজক ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে বিষয়া গৰাকীৰ দুৰ্নীতি ফাদিল কৰাৰ অপৰাধত সভাপতি ৰূপকুমাৰ তাঁতীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ব্যৱস্থা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই 27 আগষ্ট তাৰিখে ডুমডুমা আৰু মাকুমত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিধায়ক সুৰেণ ফুকনৰ বিৰোধে তীব্ৰ প্ৰতিবাদ কৰিছিল।

এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে। বিধায়কগৰাকীয়ে কয় যে, যদি কৰবাত দুৰ্নীতি হৈছে তেন্তে তদন্ত হ'ব লাগে আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াই শাস্তি পাবই। দুৰ্নীতিগ্ৰস্ত বিষয়াক ৰক্ষণাবেক্ষণ দিয়াত বিধায়ক গৰাকীক অনাহকত টনা হৈছে বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।