মালিগাঁৱত চাঞ্চল্যকৰ ঘটনাঃ ৰে’লৰ আগত পৰি মৃত্যু এজন ৰে’লৱে কৰ্মচাৰী

 08/28/2020 - 16:29

 

মালিগাঁওঃ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ আগত পৰি মৃত্যু এজন ৰে’লৱে কৰ্মচাৰীৰ। স্থানীয় ৰাইজে জনোৱা মতে পাৰিবাৰিক সংঘাতৰ বাবে এই ঘটনাটো সংঘটিত হোৱা বুলি জনা গৈছে। মৃত লোকজন ৰে’লৱে কৰ্মচাৰী কুমুদ দাস বুলি চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া ৮.৩০ বজাত ঘটনাটো সংঘটিত হোৱা ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃতদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
   

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।