
জাগুনঃ ভাদ মাহ হৈছে অসমীয়াৰ সমাজৰ পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰত নাম-প্ৰসংগ অনুষ্ঠিত কৰি বৃহত্বৰ অসমীয়া সমাজৰ মংগল কামনা কৰি গুৰু জনাৰ বিৰচিত গুণানুকীৰ্তন পাঠ কৰে। তেনেস্থলত পবিত্ৰ ভাদ মাহৰ এই শুভক্ষণত তিনিচুকীয়া জিলাৰ লেখাপানীৰ টিপং বৰ নামঘৰত মাৰ্ঘেৰিটা অঞ্চলৰ আগশাৰী প্ৰায় সাতটা নামঘৰৰ ভকত বৈষ্ণৱ আমন্ত্ৰণ কৰি এদিনীয়া নাম প্ৰসংগ অনুষ্ঠিত কৰে। টিপং বৰ নামঘৰৰ গীয়াটি সকলৰ বহুদিনীয়া এক মনৰ আশা পূৰণ কৰে টিপং যুৱ সমাজে। টিপং যুৱ সমাজৰ কেইজনমান উদ্যমী যুৱকে টিপং বৰ নামঘৰলৈ জয় আৰু বিজয় প্ৰতিমূৰ্তি আগবঢ়াই নামঘৰ পূৰ্ণাংগ ৰূপ দিয়ে।
এই অনুষ্ঠানত গুৰুজনাৰ নাম-প্ৰসংগৰে মাৰ্ঘেৰিটাৰ পৰা আমন্ত্ৰণ কৰা গোঁসাই শ্ৰী শ্ৰী প্ৰেমানন্দ গোস্বামী নেতৃত্বত প্ৰণালীবদ্ধ তথা ধৰ্মীয় পৰম্পৰাৰে জয় বিজয় প্ৰতিমূৰ্তি স্থাপন কৰে। লগতে টিপং অঞ্চলৰ বুদ্ধেশ্বৰ বৰাই গুৰন্দ পক্ষী দান কৰি ভকত বৈষ্ণবৰ পৰা প্ৰশংসা পাত্ৰ হয়। এই সুযোগতে টিপং বৰ নামঘৰৰ জ্যেষ্ঠ নামঘৰীয়া ভকত প্ৰহ্লাদ ফুকনে টিপং যুৱ সমাজক প্ৰশংসা কৰা উপৰিও টিপং বৰ নামঘৰৰ বহুদিনীয়া আশা পূৰণ কৰি নামঘৰটি পূৰ্ণাংগ ৰূপ দিয়াত উৎফুল্লিত হৈ যি সকল ভকত বৈষ্ণৱ আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে সকলোকে সংবাদ মাধ্যমৰ যোগেদি কৃতজ্ঞতা জ্ঞাপন কৰে।