জনপ্ৰিয় ''তেলচুৰা''ৰ জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ পৰলোকপ্ৰাপ্তি

 09/02/2020 - 12:39

 

তামুলপুৰঃ তামুলপুৰ মহকুমাৰ সৌৰাগুৰী নিবাসী পৰেশ ৰাজবংশী আৰু নীলিমা ৰাজবংশীৰ জ্যেষ্ঠ পুত্ৰ, জনপ্ৰিয় ইউ টিউৱ চেনেল ভইচ আছামৰ ''তেলচুৰা'' ৰ স্ক্ৰীপ্ট ৰাইটাৰ (কাহিনীকাৰ), অভিনেতা, পৰিচালক জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে। গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত নিশা প্ৰায় ১১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে এই গৰাকী প্ৰতিভাসম্পন্ন অভিনেতাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৬ বছৰ। নিশাই তেওঁৰ মৃতদেহ লৈ অনা হয় সৌৰাগুৰীস্থিত নিজ বাসগৃহলৈ। জিতুলৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ তামুলপুৰ মহকুমাত শোকৰ ছাঁ পেলাইছে।

তেওঁ এগৰাকী শিল্পী হোৱাৰ উপৰিও স্নাতক ডিগ্ৰীধাৰী এগৰাকী টেট শিক্ষকো আছিল। তেওঁৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল, আত্মীয় স্বজন আৰু ভয়চ আছামৰ শিল্পীসকল। আজি অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় যুৱ শিল্পী গৰাকীক। তেওঁৰ মৃত্যুত তামুলপুৰৰ লগতে সমগ্ৰ অসমৰ শিল্পী সমাজৰ ব্যাপক ক্ষতি হিচাপে পৰিগণিত হৈছে। কান্দোনত ভাঙি পৰিছে 'তেলচুৰা'' গ্ৰুপৰ শিশু শিল্পী কৰণ ডেকা, সাগৰিকা ৰাজবংশীসহ শিল্পীসকল। উল্লেখযোগ্য যে তেওঁ পেঙ্ক্ৰিয়াইটিছত কৰ্কট ৰোগত আক্ৰান্ত হৈ অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ চেন্নাইৰ পৰা উভতি আহিছিল। মঙলবাৰে পুৱা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত আৰু নিশা শিল্পীজনে ইহসংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত পিতৃ-মাতৃ সহ এগৰাকী ভাতৃ আৰু অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.