প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীক বঞ্চিত কৰাৰ প্ৰতিবাদত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিভিন্ন আঁচনিৰ নামত চলি থকা ব্যাপক দুৰ্নীতিৰ তদন্তৰ দাবীত হাজোত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

 09/02/2020 - 16:54

 


হাজোঃ হাজোত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। হাজো খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ। PMAY আঁচনিৰ গৃহৰ নামক ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী। ছাত্ৰ সন্থাৰ সৈতে প্ৰতিবাদত সহযোগ শতাধিক বঞ্চিত হিতাধিকাৰীৰ। ছাত্ৰ সন্থাৰ হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। ইয়াৰ প্ৰতিবাদৰ পাছতে খণ্ড উন্নয়ন বিষয়াৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰকৃত হিতাধিকাৰীক PMAY আঁচনিৰ গৃহ দিয়াৰ আশ্বাস ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বঞ্চিত হিতাধিকাৰীক। এই প্ৰতিশ্ৰুতি পূৰণ নহলে তীব্ৰতৰ আন্দোলনৰ ভাবুকি ছাত্ৰ সন্থাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।