বাৰাংহাটীত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিনন্দন অনুষ্ঠান

 09/05/2020 - 18:32

 

বাহাৰঘাটঃ সমগ্ৰ দেশৰ লগতে হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটীত ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন পাঁচ চেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে৷ হাজো সমষ্টিৰ শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক দিশৰ অগ্ৰনী অনুষ্ঠান সুদৰ্শন ক্লাব বাৰাংহাটী আৰু আখৰি ফেচবুক পেজ পৰিয়ালে ব্যতিক্ৰমীভাবে অনুষ্ঠিত কৰিলে শিক্ষক দিৱস। বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা শিক্ষক দিৱসত উপস্থিত থাকে শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ লগতে সংবাদকৰ্মী তৰনী চৰন কলিতা, নৰেন শৰ্মা, পংকজ কুমাৰ লহকৰৰ লগতে বহুতো পুৰোধা ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষাগুৰু সকলক শ্ৰদ্ধা জনোৱাৰ উপৰিও একাংশ কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই উদ্যোক্তাসকলে। তাৰে সমান্তৰালকৈ এক ব্যতিক্ৰমী পদক্ষেপ দেখা গ'ল যুব প্ৰজন্মৰ এগৰাকী উদীয়মান কবি পপি ডেকা এজন চিত্ৰশিল্পী জ্যোতিৰ্ময় ডেকি দুজনকৈ জনপ্ৰিয় YouTuber Mayur mix youtube chenelৰ মানস প্ৰতীম বৰুৱা আৰু Nasta lora youtube ৰ কংকন কলিতাক বিশেষভাৱে অভিনন্দন জনাই৷ আজিৰ এই পবিত্ৰ দিনটোত অনুষ্ঠানত কবি সাংবাদিক নৰেন শৰ্মা, কবি জুৰি তালুকদাৰ, পপি ডেকা, ভাস্কৰ কলিতা, ধীৰাজ শইকীয়া আদি বিভিন্ন জনে স্বৰচিত কবিতা পাঠেৰে শিক্ষক দিৱসৰ এই অনুষ্ঠানটি জীপাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।