বৰপেটাৰ পাটবাউসীত চাঞ্চল্যঃ এজন যুৱকক হাত-ভৰি বান্ধি নৃশংসভাৱে হত্যা

 09/08/2020 - 16:32

 

বৰপেটাঃ বৰপেটাৰ চহৰৰ সমীপৱৰ্তী পাটবাউসীত লোমহৰ্ষক হত্যাকাণ্ড৷ এজন যুৱকক হাত-ভৰি বান্ধি নৃশংসভাৱে হত্যা৷ নিজ ঘৰৰ পিছফালৰ পুখুৰীত উদ্ধাৰ যুৱক জনৰ মৃতদেহ৷ হত্যাৰ বলি হোৱা যুৱকজনৰ নাম টিংকুমণি দাস৷ ৩২ বছৰীয়া টিংকুমণি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী৷ কালি সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা নিখোজ হৈ আছিল টিংকুমণি৷

নিশা ৯ বজাত নিজ গৃহৰ পিছফালৰ পুখুৰীত উদ্ধাৰ হয় টিংকুমণিৰ মৃতদেহ৷ হত্যাকাৰী আৰু হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত এই পৰ্যন্ত কোনো কথা জানিব পৰা হোৱা নাই৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আৰম্ভ৷ ফেচবুকত গল্প, কবিতা, উপন্যাস আদি লিখি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অমায়িক স্বভাৱৰ টিংকুমণিৰ মৃত্যুক লৈ অঞ্চলজুৰি চাঞ্চল্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।