বাঘজানত চৌদিশে কেৱল মৃত্যুৰ বিভীষিকা, এফালৰ পৰা মৰিব ধৰিছে জীৱ-জন্তু, পহু-পক্ষী

 09/15/2020 - 13:38

 

ডুমডুমাঃ অভিশপ্ত বাঘজানৰ BGR-৫ নম্বৰ তৈলখাদত দপ-দপকৈ জ্বলি থকা জুই বৰ্তমানেও শান্ত হোৱা নাই। বিগত ২৭ মে'ত খাদটোত গেছ নিৰ্গমন আৰু ৯ জুন তাৰিখে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা আজি পৰ্যন্ত দপ-দপকৈ জ্বলিয়েই আছে বাঘজানৰ জুই। বাঘজানৰ এই জুইয়ে বহুতৰে সপোনৰ ঘৰখন থানবান কৰি পেলালে। নষ্ট কৰিলে বহু কৃষিভূমি। ক্ষতিগ্ৰস্থ লোকসকলে বৰ্তমানেও অাশ্ৰয় শিবিৰত দিন অতিবাহিত কৰি আছে। বাঘজান কাণ্ডই এশ দিন অতিবাহিত কৰাৰ পাছতো নাপালে উপযুক্ত ক্ষতিপূৰণ।

ইফালে, ক্ৰমান্তয়ে বাঘজান তৈলখাদৰ পৰা নিৰ্গমন হোৱা বিষাক্ত গেছ তেলে ভয়াবহ কৰি তুলিছে বাঘজানৰ পৰিৱেশ সমান্তৰাকৈ অগ্নিকুণ্ডৰ বিকট শব্দই অঞ্চলটোৰ জনসাধাৰণৰ শ্ৰাৱন শক্তিত প্ৰভাৱিত কৰাৰ লগতে মগজুৰ বিভিন্ন উপশৰ্গ পৰিলক্ষিত হৈছে। বাঘজানৰ বায়ু-পানী সকলো দূষিত হৈ পৰিছে। যাৰফলত খাদটোৰ সমীপত এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ-জন্তু, পহু-পক্ষীকে ধৰি তৰু-তৃৰ্ণ। জীৱ-জন্তুৱে জন্ম দিছে মৃত পোৱালী।

অঞ্চলটোৰ লোকসকলৰ দেহত অচিন ৰুগে দেখা দিবলৈ আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকসকলে। ক্ৰমান্তয়ে যেন বিষাক্ত হৈ পৰিছে বাঘজানৰ পৰিৱেশ। ইফালে জুই নিৰ্বাপনৰ সলনি উৎপাদন কাৰ্যত হে গুৰুত্ব প্ৰদান কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। এনেকৈয়ে যদি তৈলখাদত জুই জ্বলিয়েই থাকে তেন্তে বাঘজানত অনাগত কিমান বছৰলৈ যে মানুহ থকাৰ পৰিৱেশ একেবাৰে বিনষ্ট হ'ব এইসমূহ দৃশ্যই সেই কথা স্পষ্ট হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।