আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি দক্ষিণ শালমাৰাবাসী ৰাইজ, প্ৰতিখন গাঁও পঞ্চায়তত আধাৰ কাৰ্ডৰ কেন্দ্ৰ স্থাপনৰ দাবী ছাত্ৰ সন্থাৰ

 09/18/2020 - 17:46

 

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ অস্থায়ী কাৰ্যালয়ত বিতৰণ কৰি আছে আধাৰ কাৰ্ডৰ ফৰ্ম কিন্তু এই ফৰ্মৰ কাৰণে ৰাইজে ভীষণ হাৰাশাস্তিৰ সম্মুখীন হবলগীয়া হৈছে। কাৰ্যালয়খনৰ পৰা যিমানখিনি ফৰ্ম দিয়ে তাতকৈ যথেষ্ট গুণে ৰাইজ বেছি। পুৰুষ মহিলাই দিন ৰাতি একাকাৰ কৰিও শেষত এখন ফাৰ্ম নাপাই বহুতে বিমুখ হৈ যাবলগীয়া হৈছে। বহুতো বয়োজ্যেষ্ঠ পুৰুষ-মহিলাই শাৰী পাতি থাকি থাকি অসুস্থও হবলগীয়া হৈছে।

কাৰণ প্ৰায় ৭ খন গাঁও পঞ্চায়ত মিলি এখন হে আধাৰ কাৰ্ড কেন্দ্ৰ। আধাৰ কাৰ্ড নহলে বহুতে চৰকাৰী বিভিন্ন কামৰ পৰা বঞ্চিত হৈ আছে বিশেষকৈ যিসকল দুখীয়া ৰাইজে BPLৰ ঘৰ পাব সেই সকলৰ কাৰণে আধাৰ কাৰ্ড অতিকে প্ৰয়োজন।

যাৰ বাবে ৰাইজে বিভিন্ন সমস্যা আৰু হাৰাশাস্তিৰ সম্মুখীন হবলগীয়া হৈছে। আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী উপসভাপতি শাহীন জাবেদ আহমেদ আৰু স্থানীয় সচেতন ব্যক্তি কাজী জমিৰ উদ্দিন আহমেদে ৰাইজৰ সমস্যাৰ পৰিস্থিতি দেখি সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে ৰাইজৰ সুবিদাৰ্থে প্ৰতিখন গাঁও পঞ্চায়ত আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন কৰি সৰ্ব সাধাৰণ ৰাইজক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনক দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।