মাস্ক আৰু হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে ডুমডুমা আৰক্ষী

 09/19/2020 - 16:32

 

ডুমডুমাঃ ক’ৰনা মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত থকা সময়ত একাংশ লোকে নিজৰ অবিবেকী কৰ্মকাণ্ডৰ দ্বাৰা মানৱ জাতিৰ অস্তিত্বৰ যুঁজখনক ভেঙুচালি কৰা দেখা গৈছে| covid-19 ৰ প্ৰটকল অমান্য কৰাটো বৰ্তমান এক অভ্যাসত পৰিনত কৰিছে একাংশ লোকে| সামাজিক দূৰত্ব ৰক্ষা আৰু মাস্ক পৰিধান বাধ্যতামূলক যদিও একাংশই নিজৰ লগতে আনকো বিপদত পেলাই কোনো ধৰনৰ নিয়ম-নীতি নমনা সহজ লভ্য হৈ পৰিছে|

এনে লোকৰ বিৰুদ্ধে ডুমডুমা আৰক্ষী সষ্টম হোৱা দেখা গৈছে| মাস্ক আৰু হেলমেট পৰিধান নকৰা সকলৰ বিৰুদ্ধে ডুমডুমা থানাৰ পৰিদৰ্শক মনিমোহন কোচৰ নেতৃত্বত ডুমডুমা আৰক্ষীয়ে চহৰখনত তীব্ৰ অভিযান অব্যাহত ৰাখিছে| বিগত দুই দিনৰ অভিযানত চহৰখনৰ বিভিন্ন প্ৰৱেশ পথত তালাচি চলাই মাস্ক আৰু হেলমেট পৰিধান নকৰা গাড়ী, মটৰ চাইকেল আৰোহী সকলৰ বিৰুদ্ধে জৰিমনা বিহা পৰিলক্ষিত হয়|

ইয়াৰোপৰি চহৰখনৰ চেলুন, হোটেল, পানদোকান আদিতো অতৰ্কিতে অভিযান চলাই মাস্ক পৰিধান নকৰি গ্ৰাহকৰ সংস্পৰ্শলৈ অহা দোকানৰ কৰ্মচাৰী সকলৰ বিৰুদ্ধেও জৰিমনা বিহে| জানিবলৈ পোৱামতে বিগত দুই দিনত প্ৰায় 200 লোকৰ বিৰুদ্ধে জৰিমনা বিহে ডুমডুমা আৰক্ষীয়ে| আৰক্ষীৰ এনে তৎপৰতাৰ ফলত চহৰখনত মাস্কৰ চাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।