বৰাজোল হাইস্কুল আৰু আল্লিয়া পি বি উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযান

 09/20/2020 - 14:59

 

বাহাৰঘাটঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭০ তম জন্মদিন উপলক্ষে সেৱা সপ্তাহ পালনৰ লগত সংগতি ৰাখি শনিবাৰে কিষাণ মৰ্চা বড়িগোগ বনভাগ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত বৰাজোল হাইস্কুল আৰু আল্লিয়া পি বি উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত এলানি স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।


উক্ত অনুষ্ঠানত উপস্থিত থাকে অনুসুচিত জনজাতি মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহ সদস্য মনিৰাম বড়ো, নলবাৰী জিলা বিজেপিৰ সম্পাদক দিপেন কলিতা, আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী, জ্যেষ্ঠ বিজেপি মুনীন্দ্ৰ কলিতাকে ধৰি অৰ্ধশতাধিক বিজেপিৰ কাৰ্যকৰ্তাই দুয়োখন শিক্ষানুষ্ঠানতে উপস্থিত হৈ হাতে হাতে যাৰু লৈ চাফাই কৰি তোলে।

নলবাৰী জিলা বিজেপিৰ সম্পাদক দিপেন কলিতাই উক্ত কাৰ্যসূচী মুকলি কৰি নিজৰ ভাষণত কয় যে দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন আমি বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰিব লগা হ'লে আমি সকলো কাম হাতে-কামে কৰিব লাগিব। নেতাগৰাকীয়ে লগতে কয় যে মোডীজীৰ এই জন্মদিন উপলক্ষে ৰূপায়ণ কৰা এই সেৱা সপ্তাহে ৰাইজক বহুখিনি উপকৃত কৰিব বুলি সদৰী কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।