নগাঁৱৰ ৰজাগাঁৱত ৰাজহুৱা শ্মশানৰ ভূমি বিবাদক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

 09/20/2020 - 16:00


 
কামপুৰঃ ৰাজহুৱা শ্মশানৰ ভূমি বিবাদক কেন্দ্ৰ কৰি নগাঁৱৰ ৰজাগাঁৱৰ মাখন বস্তুিত উত্তেজনা। দুই শতাধিক ৰাইজে সমদল উলিয়াই "আমাৰ শ্মশান লাগিবই, পূজা ৰায় হায় হায়, উত্তম ৰায়ৰ গুণ্ডাগিৰি নচলিব" আদি শ্ল'গানেৰে মাখন গাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে এটা পৰিয়ালে মাখন বস্তীৰ শ্মশান গৃহ নিৰ্মাণৰ বাবে ৰখা ইটা, ৰড, চিমেন্ট আৰু টিঙৰ চালি লণ্ড ভণ্ড কৰি পানীত পেলাই দিয়ে৷

1942 চনৰ পৰাই শ্মশান হিচাপে ব্যৱহাৰ কৰা উক্ত ঠাইত বাউণ্ডেৰী ৱাল আৰু শ্মশান ঘৰ নিৰ্মাণ কৰিবলৈ জুৰিৰপাৰ গাঁও পঞ্চায়তে চাৰি লক্ষ টকা আবন্টন দিয়াৰ পিচতেই দুইপক্ষৰ মাজত খণ্ড যুদ্ধ তীব্ৰতৰ হৈ পৰে৷ প্ৰায় দুই বিঘা মাটি  ওচৰতে থকা পূজা ৰায় নামৰ মহিলা গৰাকীৰ মাটিখিনি তেওঁলোকৰ বুলি দাবী কৰাৰ লগতে চাৰিজন লোকে মহিলা সকলক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ তুলি কচুৱা থানাত গোচৰ তৰাত জাঙোৰ খাই উঠে ৰাইজ৷    

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।