লংকাৰ নখুটিৰ এটি ১২ বছৰীয়া কিশোৰৰ প্ৰতিভাঃ পেলনীয়া সামগ্ৰীৰে সাঁজি উলিয়াইছে ইলেক্ট্ৰনিক সামগ্ৰী

 09/25/2020 - 16:55

 

নিউজ ডেস্কঃ দেশত কৰ'ণা ভাইৰাচৰ আতংক, দেশজুৰি লকডাউন, স্কুল বন্ধ, ঘৰত আবদ্ধ ছাত্ৰ-ছাত্ৰী৷ তেনেসময়তে ঘৰতে আবদ্ধ থাকি পঢ়া-শুনাৰ মাজতেই লংকাৰ নখুটিৰ পিতৃ সুদন শুল্কবৈদ্য আৰু মাতৃ লতা শুল্কবৈদ্যৰ পঞ্চম শ্ৰেণীত অধ্যনৰত সঞ্জয় শুল্কবদ্য নামৰ এটি ১২ বছৰীয়া কিশোৰে পেলনীয়া সামগ্ৰীৰে সাঁজি উলিয়াইছে কিছুমান সৰুসুৰা ইলেক্ট্ৰনিক সামগ্ৰী। তেওঁ টেবুলৰ সামগ্ৰীবোৰ দেখিলে হয়টো আপুনি ভাৱিব ITI পাছ কৰা এজন ব্যক্তিৰ টিভি, ৰেডিঅ' ৰিপেৰিঙৰ দোকান।


পিছে এইখন দোকান নহয়, এইখন কিশোৰজনে পঢ়া টেবুলহে, আৰু ইয়াতেই কিশোৰগৰাকীয়ে পেলনীয়া সামগ্ৰীৰ পৰা সাজি উলিয়াইছে কেইবাবিধো ইলেক্ট্ৰনিক সামগ্ৰী।
এখন ফেন তাৰ কাষতেই চাৰ্জাৰ লাইট। এটা প্লাষ্টিকৰ সৰু বাকছ, তাতে সাঁজিছে চাৰ্জাৰ লাইট, সেই লাইটৰ কাষতে চাৰ্জাৰ কৰিবৰ বাবে লগোৱা এটা পিন। আনহাতে বিদ্যালয়ৰ জামৃত্তিৰ বাকচত মোবাইলৰ বেতাৰী সংযোগ কৰি এখন সৰু ফেন তৈয়াৰ কৰি উলিয়াছে সঞ্জয়ে। কোনো আনুস্থানিক শিক্ষা নথকা অতি কম বয়সৰ সঞ্জয়ে এনেবোৰ কাৰ্যই সকলোকে আচৰিত কৰাৰ লগতে সুযোগ সুবিধা পালে ভৱিষ্যতে ভাল অভিযন্তা হব বুলি আশা ব্যক্ত কৰে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।