শ্ৰীলঙ্কাত বোৰ্খা নিষিদ্ধৰ পিছত ভাৰতত বোৰ্খা বিতৰ্ক

 05/14/2019 - 19:10

ওছমান গনি

শিৱ সেনা আৰু গৰীয়া-মৰিয়া দেশীয় জাতীয় পৰিষদৰ দাবীক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অসমত বোৰ্খা বিতৰ্কই অস্থিৰতাৰ সৃষ্টি কৰিব নেকি? অলপতে শ্ৰীলঙ্কাত দুজন আত্মঘাতী বোমাৰুৱে বোৰ্খা পিন্ধি ভয়ঙ্কৰ কুটাত সংঘটিত কৰাৰ কথা ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। শ্ৰীলঙ্কাৰ আত্মঘাতী কুটাঘাত কাণ্ডই কঁপাই গৈছে সমগ্ৰ বিশ্ব আৰু তাৰ পিছতেই শ্ৰীলঙ্কাৰ চৰকাৰে নিষিদ্ধ কৰিছে বোৰ্খা। এতিয়া দ্বীপ ৰাষ্ট্ৰ শ্ৰীলঙ্কাত কোনেও পৰিধান কৰিব নোৱাৰিব বোৰ্খা। শ্ৰীলংকাত বোৰ্খা নিষিদ্ধৰ পিছত এইবাৰ অনুৰূপ দাবী উত্থাপন হৈছে ভাৰতত। শেহতীয়া কৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতত বোৰ্খা নিষিদ্ধৰ দাবী তুলিছে শিৱ সেনাৰ মুখ পাত্ৰ সঞ্জিৱ ৰাৱটে। ৰাৱটৰ যুক্তি- শ্ৰীলংকাত ভয়ঙ্কৰ কুটাঘাত সংঘটিত হোৱাৰ পিছতহে বোৰ্খা নিষিদ্ধ হৈছে। কিন্তু ভাৰতে সময় থাকোতেই বোৰ্খা নিষিদ্ধ কৰিব লাগে বুলি যুক্তি দেখুৱাইছে শিৱ সেনাৰ মুখপাত্ৰজনে।

অৱশ্যে এই দাবী কেৱল মুখপাত্ৰজনৰ একান্ত ব্যক্তিগত মতামত বুলি সদৰী কৰিছে শিৱ সেনাই। কিন্তু মুখপাত্ৰজনৰ এই কথাৰ পিছতেই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বহু ইছলামিক সাহিত্যক আৰু ইছলাম ধৰ্মাৱলম্বী সচেতন ব্যক্তিয়ে ৰাৱটৰ কথাৰ তীব্ৰ বিৰোধীতা আৰু নিন্দা জনাই নিজ নিজ প্ৰতিক্ৰিয়াত একাংশই কৈছে যে-ভাৰতবৰ্ষ হৈছে বিশ্বৰ অন্যতম স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান, বৈদ্য আদি সকলো ধৰ্মাৱলম্বীয়ে নিজ নিজ ধৰ্মৰ বিধান মানি চলাৰ সম্পূৰ্ণ স্বাধীনতা আছে। ইয়াত কোনেও কাৰোবাৰ স্ব-ইচ্ছাৰ বিৰুদ্ধে হস্তক্ষেপ কৰিব নোৱাৰিব। আৰু তেনে যদি হয়, তেন্তে সেয়া ভাৰতীয় সংবিধানক উলঙ্ঘন কৰিহে কৰিব পাৰিব। যিটো সম্পূৰ্ণ ৰূপে ভাৰতবৰ্ষৰ সংবিধান বিৰোধী হ'ব।

কিছু সংখ্যকে কয় যে প্ৰথমে সংবিধান পৰিৱৰ্তন কৰিব লাগিব আৰু তাৰ পিছতহে ৰাৱটৰ দৰে ব্যক্তিয়ে এই বিষয়ে চিন্তা কৰিব লাগিব। আৰু ভাৰতবৰ্ষৰ সংবিধান কাৰোবাৰ নিজা সম্পত্তি নহয় যে যেতিয়াই-তেতিয়াই কাৰোবাৰ ব্যক্তিগত ভাৱে পছন্দ নহলেই পৰিৱৰ্তন কৰিব পাৰিব। দৰাচলতে যদি কাৰোবাক তেনে কোনো ৰাষ্ট্ৰ বা দেশদ্ৰোহী কামত দেখা যায় বা সন্দেহ হয়, তেতিয়া সেইজনক প্ৰশাসনে আধুনিক বিজ্ঞান প্ৰযুক্তিৰ প্ৰয়োগ কৰি হওক বা আইন কিবা কৰি হওক, চিনাক্ত কৰি প্ৰমাণিত হলে আইনে উপযুক্ত শাস্তি প্ৰদান কৰিলে কাৰোবাৰ একো আপত্তি নাথাকিব। বৰঞ্চ আইন আৰু প্ৰশাসনক ধন্যবাদহে দিয়া হ'ব। কিন্তু কোনো অশান্ত দেশৰ অশান্ত পৰিৱেশ-পৰিস্থিতিৰ লগত আমাৰ ভাতৃত্ববোধ আৰু ঐক্য মিলনৰ শান্ত ভাৰতবৰ্ষক তুলনা কৰি এটা নিদিৰ্ষ্ট ধৰ্মৰ লোকৰ ধৰ্মীয় অনুভূতি আৰু পৰম্পৰাক গুৰুতৰ আঘাত কৰা কিমান দূৰ যুক্তিসংগত বুলি বহুতে অভিযোগ তুলিছে। যুগ যুগ ধৰি জন্মভূমি ভাৰতবৰ্ষত মুছলমান, হিন্দু, খ্ৰীষ্টান আদি সকলো ধৰ্মৰ লোকে মিলা-প্ৰীতি, শান্তি-সম্প্ৰীতি আৰু ঐক্যৰ বাৰ্তাৰ অনন্য নিদৰ্শন দেখুৱাই বসবাস কৰি আহিছে। কিন্তু মাজে-সময়ে দুই এটা দুষ্ট চক্ৰই চিৰকলীয়া মিলা-প্ৰীতিত আঘাত সনাৰ চেষ্টা কৰিছে। অসমৰ বিশ্বনাথ কাণ্ড, জম্মু আৰু কাশ্মীৰ আদিত সঘনাই সংঘটিত হৈ থকা ঘটনা তাৰেই জ্বলন্ত উদাহৰণ যেন।

স্মৰ্তব্য যে ভাৰতবৰ্ষ ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰাত ভাৰতবৰ্ষৰ লাখ লাখ পুৰুষ-মহিলাৰ অপৰিসীম অৱদান আছে। লাখ লাখ আলিম-উলামাৰ জীৱন গৈছে। তাৰ পিছতহে সকলোৰে আপ্ৰাণ প্ৰচেষ্টাত আমি আমাৰ মাতৃ ভূমি ভাৰতবৰ্ষক স্বাধীন ৰাষ্ট্ৰ হিচাপে পাইছো। কিন্তু মাজে-সময়ে এই ভাতৃত্ববোধৰ চিৰ-চেনেহীৰ মিলা-প্ৰীতিত আঘাত সনাৰ কোনে কুটিল ষড়যন্ত্ৰ কৰিছে? সম্প্ৰতি এই বিতৰ্কত মুখ খুলিছে এআইএমআই প্ৰধান আছাদউদ্দিন ওৱাইছিয়ে। এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসেনাৰ মুখপাত্ৰৰ কথাক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ওৱাইছিক। ওৱাইছিৰ মন্তব্য- ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ। ভাৰতীয় সংবিধানে এই ক্ষেত্ৰত নিষিদ্ধ আৰোপ কৰা নাই। কোনে জিন্স প্যান্ট পৰিধানকৰিব, কোনে লুঙ্গি পিন্ধিৱ, কোনে পাঞ্জাৱী পিন্ধিব, কোনে ধুতি-পায়জামা পিন্ধিৱ বা কোনে বোৰ্খা পৰিধান কৰিব সেয়া সম্পূৰ্ণ ৰূপে ভাৰতবাসীৰ ব্যক্তিগত মতামত। ইয়াকলৈ সাম্প্ৰদায়িক বিষ বিয়োপাৰ কোনো প্ৰয়োজন নাই বুলি সদৰী কৰে ওৱাইছিয়ে।

শিৱসেনাৰ দাবীৰ পিছতে এইবাৰ একেই প্ৰসঙ্গ নকল যেন কৰিছে সদৌ অসম গৰীয়া দেশী জাতীয় পৰিষদৰ উপদেষ্টা চহিৰ ভূঞাই। এইবাৰ অসমত বোৰ্খা নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।সংগঠনটোৰ উপদেষ্টাৰ দাবী-বোৰ্খাই থলুৱাৰ পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।পৰিষদৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞাৰ সামাজিক মাধ্যমত মন্তব্য – ‘কোৰাণ-হাদিছত উল্লেখ নাই বোৰ্খাৰ কোনো কথা। অসমত বোৰ্খাৰ অপপ্ৰয়োগহে হৈছে’ । লগতে উপদেষ্টা ভূঞাই বোৰ্খাক বিজতৰীয়া বুলি মন্তব্য কৰি সময় থাকোতেই অসমীয়া মুছলমান সকলক স্বেচ্ছাই বোৰ্খা ত্যাগ কৰিবলৈ আহ্বান জনায়। বোৰ্খা আৰৱ আৰু মধ্যপ্ৰাচ্যৰ সংস্কৃতি বুলি দাবী কৰি চৰকাৰে শীঘ্ৰেই বোৰ্খা প্ৰথা নিষিদ্ধ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে। আৰু ইয়াৰ নিষিদ্ধকৰণ কেৱল সময়ৰ আহ্বান বুলিও মন্তব্য কৰে।

উল্লেখ্য যে বহু মহিলাই পৰিধান কৰা বোৰ্খা এতিয়া তীব্ৰ বিতৰ্কৰ মাজত। ভূঞাৰ এই মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত বিশেষ কৈ পশ্চিম অসমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। উপদেষ্টাজনৰ এই মন্তব্য এতিয়া অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰিছে সামাজিক মাধ্যমত। বিভিন্নজনে ভিন্ন ধৰণে চহিৰ ভূঞাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা দেখা গৈছে সামাজিক মাধ্যমত। অৱশ্যে এয়া চহিৰ ভূঞাৰ একান্ত ব্যক্তিগত মতামত বুলি জানিব দিছে সংগঠনটোৰ বহু কৰ্মীয়ে। উল্লেখ্য যে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৰতবৰ্ষত হঠাতে এনে হঠকাৰী বক্তব্যত মুহুৰ্তৰ ভিতৰত সমগ্ৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ তীব্ৰ সম্ভাৱনা থাকে বুলি চিন্তিত সচেতন মহল।

 

ফোন নং- ৮৬৩৮২১৩১৪৪

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।