বেজেৰা মণ্ডলত মহিলা মৰ্চাৰ সভানেত্রী পদত মুন দাস, যুৱ মৰ্চাৰ সভাপতি হিচাপে নৃপেন নাথক নিযুক্তি প্ৰদান

 09/28/2020 - 17:55

 

উত্তৰ গুৱাহাটীঃ অসমত ২০২১ চনত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে ৰাজনৈতিক দলবোৰৰ মাজত সাংগঠনিক তৎপৰতা দেখিবলৈ যোৱা গৈছে। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ জালুকবাৰী সমষ্টিতো মণ্ডল সমূহ অন্তৰ্গত মৰ্চা সমূহ সভাপতি সভানেত্রী পদত ন ন কৰ্মীক নিযুক্তি সাংগঠিনক দিশটো অধিক সক্ৰিয় কৰাৰ প্ৰচেষ্টা দেখা গৈছে। জালুকবাৰী সমষ্টিৰ বেজাৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে সক্ৰিয় সমাজকৰ্মী মুন দাস। ইয়াৰ পূৰ্বে মুন দাসে বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকাৰ দায়িত্ব আছিল।

মুন দাস বিভিন্ন সামাজিক সংগঠন লগত জড়িত। এগৰাকী নিষ্ঠাবান দলীয় কৰ্মী হিচাপে বৃহত্তৰ অঞ্চলটোত মহিলাসকলৰ মাজত জনপ্ৰিয়। বেজেৰা মণ্ডল যুৱ মৰ্চাৰো সভাপতি নৃপেন নাথ নিযুক্তি দিয়া হৈছে। নৃপেন নাথ এগৰাকী প্ৰচাৰ বিমুখ নিৰৱ কৰ্মী ৰূপে বেজেৰা মণ্ডলত সমাদৃত হৈ আহিছে। উত্তৰ গুৱাহাটী অভয়পুৰ নিৱাসী হৰিপ্ৰিয়া বড়োৱে ভাৰতীয় জনতা যুৱ মৰ্চাৰসহ আইনী ইনচাৰ্জৰ দায়িত্ব (BJYM  Guwahati city district committee) লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।