এইবাৰ পহু খেদা নহয় শিয়াল খেদা দিব বুলি হুংকাৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক- অসম মিঞা পৰিষদ

 10/07/2020 - 15:44

 

ধিংঃ ৰাজ্যখনত নিৰ্বাচনী ঢৌ যিমানেই বলিছে, সিমানেই একাংশ ব্যৰ্থ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে ঠায়ে ঠায়ে পহু খেদাৰ দৰে ঘটনা নিতৌ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছে৷ কি কংগ্ৰেছ, কি এআইইউডিএফ, কি বিজেপি সকলো নেতা পালিনেতা আজি সমষ্টিবাসীৰ লগতে নানা সংগঠনৰ ক্ষোভৰ বলি হব লগা হৈছে৷

আজি মৰিগাঁও জিলা অসম-মিঞা পৰিষদে মৈৰাবাৰী পৰা ভুৰবান্ধা আৰু ধিংৰ পৰা ভুৰাগাঁও গড়কাপ্তানীৰ জৰাজীৰ্ণ পথৰ কাম আৰম্ভ কৰিবলৈ আজি এখনি স্মাৰক পত্ৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ মৈৰাবাৰী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যশোৱন্ত নাথৰ হাতত অৰ্পণ কৰে৷

আগন্তুক 10 দিনৰ ভিতৰত উক্ত দুই গড়কাপ্তানী পথৰ কাম আৰম্ভ নকৰিলে পহুখেদা নহয়, এইবাৰ শিয়াল খেদা দিব বুলি অসম মিঞা পৰিষদে তীব্ৰ হুংকাৰ দিয়ে৷ আনহাতে যোৱা বছৰৰ 2-2-2019 তাৰিখে S.O.P.Dৰ অধীনত বিধায়ক আমিনুলে ইছলামে মৈৰাবাৰী-মৰিগাও গড়কাপ্তানী পথৰ আধাৰশিলা ৰাজনীতি কৰাৰ পাছতো কি কাৰণত আজি তাৰিখলৈ উক্ত গড়কাপ্তানী পথ মেৰামতি নহল, তাকে লৈ ক্ষোভ উজাৰিছে সংগঠনটিয়ে৷

লগতে মৈৰাবাৰী বজাৰৰ দুয়োপাৰৰ অবৈধ পাৰ্কিং আৰু অবৈধ দোকানবোৰৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ এনে ছিণ্ডিকেটৰ বিৰুদ্ধেও প্ৰশাসনক ব্যৱস্থা লবলৈ আহ্বান জনায়৷ কিয়নো কিছু মাহ পূৰ্বে মৈৰাবাৰী ভুৰাগাও গড়কাপ্তানী পথতেই প্ৰায় পাচজনকৈ লোকে দুৰ্ঘটনাত বলি প্ৰাণ হেৰুৱাব লগা হৈছিল৷ এই প্ৰতিবেদনখন চোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।