অন্ধপ্ৰদেশত দুৰ্বৃত্তই হত্যা কৰিলে অসমৰ যুৱকক

 10/09/2020 - 16:24

 

বাহাৰঘাটঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ঘোহকুছি গাঁৱৰ ৰফিক আলী আৰু জয়তুন বেগমৰ জ্যেষ্ঠ পুত্ৰ পিংকু আলী(৩২) যোৱা ৭ অক্টোবৰৰ নিশা মৃত্যু ঘটে। জানিব পৰা মতে কাম সন্ধানত ঘৰৰ পৰা ওলাই গৈ অন্ধপ্ৰদেশৰ এটা কোম্পানীত তিনি বছৰ ধৰি কৰ্মৰত আছিল। যোৱাকালি উক্ত কোম্পানীৰ কৰ্মচাৰী এজনে ঘৰলৈ ফোন কৰি জনায় যে পিংকু আলীক চাৰিজন লৰাই হত্যা কৰি কোম্পানীৰ শোৱা কথাত ওলোমাই থৈ যায়।

পৰিয়ালৰ লোকে ইয়াৰ কাৰন জানিব বিছৰাত কৰ্মচাৰীজনে জনায় পিংকুৰ নতুন মোবাইল ফোন এটা সেই লৰাকেইজনে চুৰি কৰিছিল আৰু সমগ্ৰ চুৰি ঘটনাটো যেতিয়া পিংকুই গম পালে তেতিয়া মোবাইল বা মোবাইলটোৰ মূল্য বিচাৰিছিল। পিংকুক মোবাইলটোৰ মূল্য ঘুৰাই দিম বুলি মাতি নি মাৰ-ধৰ কৰি পিংকুক হত্যা কৰি শোৱনি কোঠাত পিংকুৰ মৃতদেহ ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে। মৃত্যুৰ খবৰ পোৱাৰ পিছত পৰিয়ালৰ হৈ পিংকুৰ সৰু ভায়েকে স্থানীয় প্ৰশাসন আৰু কোম্পানী কৰ্ত্তৃপক্ষক ঘটনাটো জনোৱাৰ পিছতো কোনো ধৰনৰ গুৰুত্ব নিদি কোম্পানীটোৰ মেনেজাৰে ওলোতাই ধমকি হে দিয়ে বুলি পৰিয়ালৰলোকে অভিযোগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।