হাইস্কুল শিক্ষান্ত পৰীক্ষাত মিৰ্জাৰ বিতোপন কলিতাৰ দশম স্থান

 05/15/2019 - 15:12

মিৰ্জাঃ আজি ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধাৰাপুৰ কোছপাৰাতো উঠিছে আনন্দৰ জোৱাৰ। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মিৰ্জাৰ অৰুণোদয় ইংলিচ মিডিয়াম হাইস্কুলৰ ছাত্ৰ বিতোপন কলিতাই দখল কৰিলে দশম স্থান।

যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলজুৰি বৈছে আনন্দৰ বন্যা। ধাৰাপুৰ কোছপাৰা নিবাসী জিতেন্দ্ৰ কলিতা আৰু বিজুৰাণী কলিতাৰ পুত্ৰ বিতোপন কলিতাৰ এই সাফল্যত ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে বিতোপনৰ বাসগৃহত উপস্থিত হয় সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে বিতোপনৰ এই কৃতিত্বত উৎফুল্লিত পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।