বাক্সাৰ বৰমাত বোৱাৰীয়েকে আক্ৰমণ কৰিলে শহুৰেককঃ নিশা বৰমা থানাত উপস্থিত আহত শহুৰ, আহত লোকক আৰক্ষী এছ আইৰ দুব্যৱহাৰ

 10/11/2020 - 19:13


বৰমাঃ পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হল বাক্সাৰ বৰমাত৷ বৰমা কালজাৰৰ প্ৰাক্তন বি এ চি ই এম তথা জ্যেষ্ঠ নাগৰিক পৰিষদৰ নেতা ধনেশ্বৰ মেধিক শনিবাৰে নিশা নিজ বোৱাৰীয়েকে চোকা অস্ত্ৰৰে অতৰ্কিতে আক্ৰমন কৰে৷ বোৱাৰীৰ আক্ৰমনত গুৰুতৰভাৱে আহত হয় ধনেশ্বৰ মেধি৷ নিশাই পৰিয়ালৰ আন সদস্যৰ লগত আহি উপস্থিত হয় আহত ধনেশ্বৰ মেধি৷ কিন্তু আৰক্ষী থানাত আহিও আহত মেধি আৰু পৰিয়ালে নাপালে কোনো সহাৰি৷

নিশা কৰ্তব্যৰত আৰক্ষী বিষয়া (এছ আই) পলাস প্ৰতিম গগৈয়ে অভিযোগকাৰীৰ অভিযোগ নুশুনি ওলোতাই আহত লোকক ধমক দি ঘৰলৈ যাব দিয়াত আৰক্ষীৰ বিৰুদ্ধে চোচ্চাৰ হৈ পৰিছে স্থানীয় লোক আৰু পৰিয়ালবৰ্গ৷ ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত থকা খাকী পোচাকধাৰি বিষয়া মানস প্ৰতিম গগৈৰ অভব্য আচৰনে চিন্তিত কৰিছে সাধাৰণ জনতাক৷ কি ন্যায় বিচাৰি আৰক্ষী থানালৈ আহিব সাধাৰন জনতা তাকে লৈ চিন্তিত বৰমাৰ ৰাইজ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।