নলবাৰী জিলাৰ সুৰাদীৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁঠা

 10/17/2020 - 14:44

 

বৰমাঃ নলবাৰী জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টি অন্তৰ্গত সুৰাদী গাঁওৰ এটা দুৰ্ভগীয়া পৰিয়াল। অাৰ্থিক সংকটে জুৰুলা কৰিছে পৰিয়ালটোক। দুৰ্ভগীয়া পৰিয়ালৰ একমাত্ৰ সন্তান মেৰাজুল হুছেইন আক্ৰান্ত কৰ্কট ৰোগত। ৰোগীজনৰ চিকিত্সাৰ বাবত পৰিয়ালটোৰ হেৰালে বহু সা-সম্পতি। তথাপিও ৰোগমুক্ত হোৱা নাই ল’ৰাজন।তেওঁলোকে ঘৰৰ সা-সম্পতি বিক্ৰী কৰি GMCH চিকিত্সা কৰিছিল যদিও অৰ্থৰ অভাৱত সম্পূৰ্ণ চিকিত্সা হৈ নুঠিল।

GMCH কৰ্তৃপক্ষই বহিঃৰাজ্যত চিকিত্সাৰ পৰামৰ্শ দিছিল যদিও আজিলৈ নিবলৈ সক্ষম হোৱা নাই পৰিয়ালটো। পৰিয়ালৰ লোকে জনোৱা মতে চিকিত্সাৰ বাবে চৰকাৰক সহায় বিচাৰিছিল যদিও আজিলৈকে কোনো ধৰনৰ সহাৰি নাপালো। উপাই বিহীন হৈ পৰিয়ালৰ লোকে চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু স্থানীয় বিধায়কৰ লোগতে ৰাইজৰ ওচৰত সহায় ভিক্ষা বিচাৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।