বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্যঃ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সন্মুখৰ পৰা নিশা যুৱক অপহৰণ কৰাৰ কেইঘন্টামানৰ ভিতৰতে যুৱকজনক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে তিনি অপহৰণকাৰীক

 10/17/2020 - 18:37

 

বৰপেটাঃ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সন্মুখৰ পৰা নিশা যুৱক অপহৰণৰ ঘটনা৷ অপহৰণৰ কেইঘন্টামানৰ ভিতৰতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে তিনি অপহৰণকাৰীক৷

অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চেঙা সমষ্টিৰ শিলা গাঁৱৰ হায়দৰ আলী খুৰচেদ আলী, আৰু পালহাজী গাঁৱৰ ছাইফুল ইছলামক৷ উল্লেখযোগ্য যে শুকুৰবাৰে নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সন্মুখৰ পৰা ধানবন্ধা গাঁৱৰ বিলায়েৎ হুছেইনৰ পুত্ৰ হাবিজুল আলিক অপহৰণ কৰিছিল যুৱককেইজনে৷

এখন মাৰুতি ছুইফট্ ডিজায়াৰ গাড়ীৰে যুৱকজনক অপহৰণ কৰি নিয়াৰ পিচতেই মোবাইল ফোন যোগে যুৱকজনৰ পিতৃক ৬ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে৷ এই ঘটনা সম্পৰ্কে লগে লগে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে অপহৃত যুৱকজনৰ পিতৃয়ে৷ লগে লগে এই ঘটনাৰ তদন্ত আৰম্ভ কৰি বৰপেটা সদৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক মুক্তাজুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীয়ে চেঙা সমষ্টিৰ ঔমুৰা গাঁৱত অভিযান চলাই অপহৃত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

আনহাতে অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা AS 26 A 5415 নম্বৰৰ মাৰুতি ছুইফট্ ডিজায়াৰ গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে৷ ইপিনে বৰপেটা সদৰ থানাৰ টি এছ আই মুনীন্দ্ৰ দাস, উপ পৰিদৰ্শক সূৰ্য বৰা, বকুল ইংতি ৰ সহযোগত চলা অাৰক্ষীৰ অভিযানৰ সময়ছোৱাত উপ পৰিদৰ্শক সূৰ্য বৰা অপহৰণকাৰীৰ আক্ৰমণত আহত হোৱাৰ লগতে অপহৃত কৰা যুৱকজনৰ হাততো চোকা অস্ত্ৰৰে আঘাত কৰে অপহৰণকাৰীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।