সমাজসেৱী কৃষ্ণ ৰাম ডেকাৰ পৰলোকপ্ৰাপ্তি

 10/18/2020 - 18:04

 

বাহাৰঘাটঃ নলবাৰী জিলাৰ বৰভাগৰ চমাৰকুছি গাঁও নিবাসী অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কৃষ্ণ ৰাম ডেকা (৯২) ৰ আজি দিনৰ প্ৰায় ১২-৩০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শুভকাংখীয়ে বাসগৃহত ভিৰ কৰে।

সমাজসেৱী ডেকাই প্ৰথমে সানেকুছি প্ৰাথমিক বিদ্যায়ত শিক্ষা আৰম্ভ কৰে। তেওঁ পঢ়ি থাকোতে ১৯৫০ চনত কামৰূপ জিলাৰ গৰীয়াকোঠ এম ভি স্কুল স্থাপন কৰি প্ৰধান শিক্ষকৰ পদত কাৰ্যনিৰ্বাহ কৰে। ১৯৫২ চনত প্ৰাইভেটকৈ মেট্ৰিক পাছ কৰে। পিচত ১৯৫৫ চনত অসম কোঃঅপাৰেটিভত প্ৰশিক্ষণ লয় আৰু পশ্চিম বড়িগোগ কোঃঅপাৰেটিভ কনজুমাৰ ষ্টোৰ, সানেকুছিত মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শেষত ১৯৫৮ চনত স্বাস্থ্য বিভাগৰ মেলেৰিয়া পৰিদৰ্শকৰ পদবীত  নিযুক্তি হয়।

তেওঁৰ কৰ্ম দক্ষতাত সন্তুষ্ট হৈ ১৯৭৪ চনত চিনিয়ৰ মেলেৰিয়া অফিচাৰ পদলৈ উন্নিত হয়। শ্বিলঙত উক্ত পদতে থাকি কৰ্ম দক্ষতাৰে ১৯৯১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰিয়ে তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত হৈ পৰে। বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভা, অসম সাহিত্য সভা আজীৱন সদস্য,তেওঁ দেহাৰকুছি পশু চিকিৎসালয় প্ৰতিষ্ঠাত বিশেষ ভুমিকা লোৱাৰ উপৰিও ১৯৯৬ চনত সঠাজান প্ৰকল্পৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ ৰ পৰা ২০১৫ চনলৈ সানেকুছি ৰাজ্যিক চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্য পদত থাকি বিশেষ ভুমিকা গ্ৰহণ কৰিছিল।

তেওঁৰ সমাজৰ প্ৰতি দায়বদ্ধতাক সোঁৱৰি বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাই 'কৃষ্ণজ্যোতি' নামেৰে এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভা, বৈল্লাপেৰা গোষ্ঠী, সানেকুছি ৰাজ্যিক চিকিৎসালয় পৰিচালনা সমিতি, অম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুল, চমাৰকুছি গাঁও উন্নয়ন সমিতি, পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গাপূজা মণ্ডপ পৰিচালনা সমিতি, বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থা, বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চ, দামোদৰ ধাম আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, ছয় গৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জী-জোৱাই, নাতি-নাতিনী সহ গুণমুগ্ধক এৰি যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।