গুৱাহাটী বিহু সন্মিলনীৰ সংবাদ মেল

 03/07/2019 - 20:33

গুৱাহাটী: গুৱাহাটী বিহু সন্মিলনীয়ে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত কৰিব অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু সন্মিলন। এইবাৰৰ বাজেট ২০ লাখ টকা ধাৰ্য কৰা হৈছে। অহা ১৭ এপ্ৰিলত গুৱাহাটী বিহু সন্মিলনীয়ে লতাশিল খেলপথাৰত অনুষ্ঠিত কৰিব 'বিহু সম্ৰাজ্ঞী' প্ৰতিযোগিতা। এইবাৰ লতাশিল খেলপথাৰৰ বিহু সমিতিয়ে এটা নতুন পদক্ষেপ হাতত লৈছে।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগতে প্ৰতিযোগীসকলে অসমৰ তিনিখন ঠাই- গুৱাহাটী, তেজপুৰ, যোৰহাটত অনুষ্ঠিত হ'বলগীয়া বাছনি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব। উক্ত তিনিখন বাছনি প্ৰতিযোগিতাৰ পৰা পাঁচ গৰাকীকৈ প্ৰতিযোগী নিৰ্বাচন কৰিব৷ তিনিখন ঠাইৰ পৰা মুঠ ১৫ গৰাকী প্ৰতিযোগীক বাছনি কৰি গুৱাহাটী বিহু সন্মিলনীত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত বিহু প্ৰদৰ্শনৰ বাবে অনুমতি প্ৰদান কৰা হ’ব। এই তিনিখন ঠাইত বিহু বাছনি প্ৰতিযোগিতা মাৰ্চত আৰম্ভ কৰা হ’ব।

অহা ২৩ মাৰ্চত শোনিতপুৰ, দৰং, বিশ্বনাথ চাৰিআলি, উত্তৰ লখিমপুৰ, ধেমাজি, নগাঁও, হোজাই, ওদালগুৰি জিলাৰ প্ৰতিযোগীৰ বাবে তেজপুৰৰ 'বান থিয়েটাৰ' প্ৰেক্ষাগৃহত (৯৪৩৫৭৬০৩৬৪),

২৪ মাৰ্চত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, ডিমাপুৰ, ডিফু, কাৰ্বি আংলং, যোৰহাট, চৰাইদেউ, ডিমা হাচাও জিলাৰ প্ৰতিযোগীৰ বাবে যোৰহাটৰ 'জয় হিন্দ থিয়েটাৰ' তৰাজানত (৯৪৩৫০৫০৩৩৩),

৩১ মাৰ্চত নলবাৰী, বৰপেটা, বঙাইগাঁও, বাক্সা, গোৱালপাৰা, কৰিমগঞ্জ, ধুবুৰী, শিলচৰ, কামৰূপ(গ্ৰাম্য), কোকৰাঝাৰ, কামৰূপ(মেট্ৰ’), হাইলাকান্দি আৰু চিৰাং জিলাৰ প্ৰতিযোগীৰ বাবে গুৱাহাটীৰ 'কুমাৰ ভাস্কৰ নাট্য মন্দিৰ' উজান বজাৰত(৯৪৩৫১৯৩০৪২) বাছনি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।