দুৰ্গাপূজা উপলক্ষ্যে লামডিং সমষ্টিৰ বিধায়কে ৰাইজক জনালে শুভেচ্ছা বার্তা

 10/22/2020 - 15:29

 

লামডিংঃ সমগ্ৰ দেশৰ লগতে হোজাই জিলাৰ ৰে’ল নগৰ লামডিং দুৰ্গাপূজাৰ প্ৰস্তুতি লৈ সাজু হৈ উঠিছে। বৰ্তমান সমগ্ৰ দেশত কৰণ মহামাৰীৰ আতংক তদাপি চৰকাৰে পূজা পাতিবলৈ অনুমতি প্ৰদান কৰিলে যদিও কিছমান চৰকাৰী নিয়ম-নীতি মানি পূজা পাতিবলৈ পূজা কমিটি আহ্বান জনাইছে। কৰণা আতংকৰ মাজতে দুৰ্গাপূজাৰ প্ৰস্তুতি, আজি দুৰ্গাপূজাৰ মহা ষষ্ঠী। অথচ এই বাৰ দুৰ্গাপূজা বুলি নাই কোনো ধৰণৰ আনন্দ উল্লাস৷ কভিড প্ৰটকল মানি অনুষ্ঠিত হব দুৰ্গাপূজা। চৰকাৰী নিয়ম-নীতি মানি দুৰ্গা পূজা কমিটি সমূহ সাজু হৈ উঠিছে পূজা উদযাপনৰ বাবে।

পূজা উদযাপনৰ বাবে কেইটাবোৰ চৰকাৰী নীতি-নিৰ্দেশনা অবলম্বন কৰিব লাগিব। কোনো ধৰনৰ শোভা যাত্ৰা কৰিব নোৱাৰিব৷ সৰ্বাধিক ২০ জন লোক পূজা মণ্ডপৰ ভিতৰত গোট খাব পাৰিব আৰু সকলে সামাজিক দূৰত্ব বজাই মাস্ক পৰিধান কৰিব লাগিব। পূজা কমিটি সমূহ প্ৰত্যেক দিন পূজা মণ্ডপ চেনিটাইজাৰ কৰিব লাগিব। এটা পূজা মণ্ডপৰ পৰা সৰ্বাধিক পাঁচজন লোকহে দেৱী দুৰ্গাৰ বিসৰ্জন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।

কোনো ধৰনৰ সংস্কৃতি অনুষ্ঠান পাতিব নোৱাৰিব কোনো ধৰণৰ মাইক ডিজে আদি ব্যৱহাৰ কৰিব নোৱাৰিব দোকান ৰেষ্টোৰেণ্ট আদি সকলো ৰাতি ৯ টাৰ ভিতৰৰ বন্ধ কৰিব লাগিব আৰু পূজা চাবলৈ ৰাতি দশটা লৈ অনুমতি প্ৰদান কৰা হৈছে। লামডিং আৰক্ষী প্ৰশাসন দুৰ্গা পূজাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে তদুপৰি এই সকলো চৰকাৰী নিয়ম-নীতি যাতে লামডিঙৰ ৰাইজে মানি চলে আৰু শান্তি শৃংখলা বজাই ৰাখি যাতে কোনো ধৰণৰ অপ্ৰীতি ঘটনা সংঘটিত নহয় তাৰ বাৱে লামডিঙৰ বিধায়ক জনে ৰাইজক অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।