10/25/2020 - 15:53
in

বাহাৰঘাটঃ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয়ৰ প্ৰস্তাৱ দিয়াৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল তীব্র আন্দোলন। আজি ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা নলবাৰী যুৱ মৰ্চা সমতি আৰু ঘগ্ৰাপাৰ বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ নেতৃত্বত প্ৰায় তিনিশতাধিক কৰ্মীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ ঘগ্ৰাপাৰ হাইৱে চ'কত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰে। উক্ত কাৰ্যসূচী নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে অংশগ্ৰহণ কৰি বিধায়ক শ্বেৰমান আলীক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অনাগত দিনক এনেধৰন মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। উক্ত প্ৰতিবাদস্থলীত বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি সুৰেশ কলিতা, প্ৰাক্তন সভাপতি গৌতম কাকতি,সাধাৰণ হিমাশু দাস, প্ৰাক্তন সাধাৰণ সম্পাদক কুলদ্বীপ কলিতা আদিয়ে।