বৰভাগৰ চতমাত বজৰংগ দলৰ উদ্যোগত ৰাজহুৱা শ্মশান নিৰ্মাণৰ শুভাৰম্ভ

 10/25/2020 - 17:59

 

বাহাৰঘাটঃ বজৰংগ দল বৰভাগ প্ৰখণ্ডৰ নিজা প্ৰচেষ্টাত বৰভাগৰ চতমা গাঁৱত প্ৰথমখন শ্মশান নিৰ্মান কাৰ্য্যৰ আজি শুভাৰম্ভণি কৰে। শুভাৰম্ভণি কৰে ৰাজ্যিক জীৱিকা অভিকৰণৰ নলবাৰী জিলা প্ৰকল্প বিষয়া চন্দন তালুকদাৰে৷ অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ মঠ-মন্দিৰ প্ৰমূখ ভৱেশ লহকৰৰ উপৰিও বজৰংগ দল বৰভাগৰ প্ৰখণ্ড সংযোজক কৰুণা লহকৰৰ লগতে বিজু শৰ্মা,অমল ভট্ট, মৃণাল শৰ্মাসহ বজৰংগ দলৰ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।