ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ

 10/31/2020 - 19:25

 

বৰপেটাঃ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰাদেশীকৰনৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। আজি বৰপেটাত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভাত এই প্ৰত্যাহ্বান জনায় ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি চবেদ ভুঞাই।

ঐক্যমঞ্চৰ নেতাগৰাকীয়ে কয় যে, শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষক সমাজক ন্যায় প্ৰদান কৰাৰ পৰিৱৰ্তে সমাজখনক ভাগ কৰিব বিচাৰিছে। তেওঁ লগতে কয় সমাজ ভাগ কৰি কোনো ৰাজনৈতিক দলে ৰাজনৈতিক মুনফা আদায় কৰিব নোৱাৰে। কাম কৰা দলৰ লগতহে ৰাইজ থাকে বুলি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।