জাগুনৰ কেনিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

 11/02/2020 - 13:14

 

জাগুনঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুনৰ কেনিয়া গাঁৱত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। AS-23-Y-8508 নম্বৰৰ এখন মাৰুটি ৱাগনাৰ বাহনে চাৰি গৰাকীকৈ কিশোৰীক মহতীয়াই নিয়ে। চাৰিও গৰাকীকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পল্লৱী বসুমতাৰী নামৰ কিশোৰী গৰাকী মৃত্যু হৈছে। আৰু আঁহত কিশোৰী কেইগৰাকী ক্ৰমে পিংকি গগৈ(১৮)আৰু পৰী গগৈ(১৪) পিতা নিৰ্মল গগৈ; দিপলী গগৈ(১৪),পিতা দিগন্ত গগৈ জানিব পৰা মতে কিশোৰী কেইগৰাকী ফুটবল খেল চাই ঘৰলৈ উভতি অহাৰ পথত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন কেনিয়া গাঁৱৰ পূৰ্ণ বৰুৱাৰ পুত্ৰ বসন্ত বৰুৱাই বাহন খন চলাইছিল যদিও জাগুনৰ ৱাগনাৰ বাহন খন জনৈক লাহন নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ বাহনখন জব্দ কৰি থানালৈ নিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।