কঞাঁ বৰপূ্ল্লা গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিত ব্যাপক খেলিমেলি, ক্ষুব্ধ মহিলাই ঘেৰাও কৰিলে পঞ্চায়ত সচিবক

 11/06/2020 - 16:53

 

বাহাৰঘাটঃ হাজো সমষ্টিৰ অন্তৰ্গত কঞাঁ বৰপূল্লা গাঁও পঞ্চায়ত এলেকাত অৰুনোদয় আচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি আজি একাংশ ক্ষুব্ধ মহিলাই পঞ্চায়তখনৰ কাৰ্য্যালয়ত সচিব গৰাকীক জবাব দিহি কৰে৷

উল্লেখযোগ্য যে পঞ্চায়তখনত চৰকাৰী নীতি-নিৰ্দেশাক বুঢ়া আঙুলি দেখুৱাই অৰুনোদয় হিতাধিকাৰী বাচনি কৰাৰ ক্ষোভ প্ৰকাশ কৰিছে বঞ্চিত মহিলাসকলে৷ তেওঁলোকে ৰাজনৈতিক পৃষ্ঠপোষতাত হিতাধিকাৰীক বাচনি কৰাৰ অভিযোগ তুলি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।