
বাহাৰঘাটঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বৰপূল্লাত আজি পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে বয় বস্তুৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দুঘণ্টা ধৰি বিক্ষোভ কাৰ্য্যসূচী কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ আজি পুৱা স্থানীয় পঃবঃআঞ্চলিক কলেজৰ সন্মুখত এঘাৰ বজাৰ পৰা দুঘণ্টা জুৰি কৰা বিক্ষোভ কাৰ্য্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি ভৱজ্যোতি ডেকাই অংশগ্ৰহণ কৰি কয় যে বৰ্তমান চৰকাৰ খনে খাদ্য-সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সকলো সা-সামগ্ৰীৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে৷
তেওঁ শীঘ্ৰে বয়বস্তুৰ দাম নিয়ন্ত্ৰণত আনি ৰাইজক সুবিধা প্ৰদান নকৰিলে ভবিষ্যতে ইয়াতকৈ ভয়াবহ আন্দোলন কৰিব বুলিও দোহাৰে৷ আছুকৰ্মী সকলে যোগান মন্ত্ৰী হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ, বয়-বস্তুৰ অত্যাধিক মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰে৷ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহঃসাধৰন সম্পাদক কৃষ্ণ কলিতাই পৰিচালনা কৰা বিক্ষোভত অঞ্চলটোৰ শতাধিক আছুকৰ্মীয়ে সহযোগিতা কৰে৷