লংকা পিয়লি বজাৰৰ বিবেকানন্দ কমপ্লেষ্কত বিধংসী অগ্নিকাণ্ড

 11/08/2020 - 13:01


নিউজ ডেস্কঃ লংকা পিয়লি বজাৰৰ বিবেকানন্দ কমপ্লেষ্কত শনিবাৰে সন্ধিয়া সংঘটিত হয় বিধংসী অগ্নিকাণ্ডৰ ঘটনা। হঠাৎ সূত্ৰপাত ঘটা জুইত জাহ যায় ব্যৱসায় প্ৰতিষ্ঠানখনৰ পাঁচ লক্ষাধিক টকাৰ সম্পত্তি। বিবেকানন্দ কমপ্লেষ্কৰ প্ৰথম মহলাস্থিত ঔষধৰ বিপনীত সংঘটিত হয় উক্ত অগ্নিকাণ্ড।

অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ তুলি ৰাইজে সৃষ্টি কৰে উত্তেজনাৰ। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।