বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ আধাৰৰ নামভৰ্তিৰ উদ্বোধন

 11/09/2020 - 13:47


বৰপেটাঃ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আধাৰ কাৰ্ড বনোৱাৰ সুবিধাৰ্থে বৰপেটাত আজি শিক্ষাৰ্থীৰ আধাৰৰ নামভৰ্তিৰ উদ্বোধন কৰা হয়৷ ছাত্ৰ-ছাত্ৰীৰ আধাৰৰ নামভৰ্তিৰ শুভ উদ্বোধন কৰে বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷ বৰপেটাৰ বিদ্যালয়ৰ উপ পৰিদৰ্শকৰ কাৰ্য্যালয় প্ৰাংগনত কাৰ্যসূচী উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীৰ আধাৰৰ নামভৰ্তিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হব৷ অনুষ্ঠানত অন্যান্য বিষয়া কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।