শিৱসাগৰৰ হাতীকোষত নিশা উত্তপ্ত পৰিস্থিতিঃ ৰাইজ, গাঁওৰক্ষী বাহিনীৰ জালত হানিট্ৰেপিং চক্ৰৰ অন্যতম নায়ক ফাৰহান লস্কৰ

 11/19/2020 - 16:05

 

শিৱসাগৰঃ শিৱসাগৰৰ হাতীকোষত নিশা উত্তপ্ত পৰিস্থিতি৷ সংগোপনে অঞ্চলটোত এটা কূখ্যাত অপৰাধীয়ে আশ্ৰয় লোৱাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি৷ ফাৰহান লস্কৰ নামৰ এটা কুখ্যাত অপৰাধীক ৰাইজে কৰিলে কৰায়ত্ব। অঞ্চলটোৰ এটা পৰিয়ালত ছদ্ম বেশেৰে দীৰ্ঘ সময় ধৰি আশ্ৰয় লৈছিল অপৰাধীটোৱে৷

নিজকে সাংবাদিক বুলি পৰিচয় দিছিল নাজিৰা, গেলেকী আঠখেল আদি অঞ্চলত দীৰ্ঘদিনে ধনদাবী, ব্লেকমেইলিং আৰু হানিট্ৰেপিঙৰ দৰে অপৰাধ সংঘটিত কৰি অহা ফাৰহান লস্কৰেফাৰহানৰ অপৰাধৰ সম্পৰ্কে জানিব পাৰি গাঁওৰক্ষী বাহিনীৰ সহায়ত স্থানীয় ৰাইজে চলাই অভিযান উত্তেজিত ৰাইজে শোধালে উত্তম মধ্যম শোধোৱাৰ লগতে চমজাই দিয়ে শিৱসাগৰ আৰক্ষীকপূৰ্বতে হানী ট্ৰেপিং, ধন দাবীৰ গোচৰত জেললৈ গৈছিল ফাৰহান লস্কৰ নামৰ অপৰাধীটো গেলেকী আৰক্ষীয়ে তিনি বছৰৰ পূৰ্বে দেওপানী বনাঞ্চলৰ পৰা কৰায়ত্ব কৰিছিল অপৰাধীটোক৷ 


নাজিৰা আৰক্ষী থানাত কুখ্যাত অপৰাধীটোৰ বিৰুদ্ধে ৰুজু হৈ আছে ধন দাবী-হানি ট্ৰেপিঙৰ বহু কেইটা গোচৰ৷ নাজিৰা আদৰ্শ আৰক্ষী থানাত শেহতীয়াভাবে ৰুজু হোৱা ১৫৭ / ২০২০ নম্বৰৰ গোচৰতো ফাৰহানক বিচাৰি আছিল আৰক্ষীয়ে৷ যাৰবাবে হাতীখোকত আত্মগোপন কৰি আছিল ফাৰহান লস্কৰে হাতীখোকৰ ৰাইজ, গাঁওৰক্ষী বাহিনীয়ে অপৰাধীটোৰ বিৰুদ্ধে দাখিল কৰিছে আন এখন এজাহাৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।