অৰুনাচল প্ৰদেশৰ নামচাই মহাদেৱপুৰ কঠালগুৰিত চি আৰ পি এফ ১৮৬ নং বেটেলিয়নৰ বিনামূলীয়া চিকিৎসা শিবিৰ

 11/20/2020 - 17:46

 

কাকপথাৰঃ চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ কঠাগুৰিত চি আৰ পি এফৰ ১৮৬ বেটেলিয়নে এক বিনামূলীয়া চিকিৎসা শিবিৰৰ জড়িয়তে স্থানীয় ৰাইজক সেৱা আগবঢ়াই৷ উক্ত চিকিৎসা শিবিৰত অৰুনাচল চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি, চি আৰ পি এফ আৰু সেনা বাহিনীৰ অসম ৰাইফলছৰ চিকিৎসকে সেৱা আগবঢ়াই৷

বিভিন্নলোকক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা আৰু বিনামূলীয়া ঔষধো বিতৰণ কৰে চি আৰ পি এফৰ এই চিকিৎসা শিবিৰত৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে চি আৰ পি এফৰ ১৮৬ নং বেটেলিয়নৰ কমাণ্ডেন্ট ৰাজীৱ কুমাৰকে ধৰি বহু কেইজন উচ্চ পদস্থ বিষয়া, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।