হোজাইৰ মোৰাঝাৰত চাঞ্চল্যকৰ ঘটনাঃ চৰকাৰী ইউনিফৰ্ম বিচৰাই কাল হ'ল এগৰাকী ষষ্ঠমানৰ ছাত্ৰীৰ, প্ৰধান শিক্ষকৰ প্ৰহাৰত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত

 11/20/2020 - 18:59

 

লংকাঃ চৰকাৰী ইউনিফৰ্ম বিচৰাই কাল হ'ল এগৰাকী ষষ্ঠ মানৰ ছাত্ৰীৰ। ঘটনাটো সংঘটিত হৈছে হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দীঘলজাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত। প্ৰধান শিক্ষক আব্দুল মজিদৰ প্ৰহাৰত ছাত্ৰীজনীৰ বাওঁ হাতৰ হাড় ভাগি যোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ছাত্ৰী জনীৰ পৰিয়ালে। অভিযোগ অনুসৰি যোৱা ১৮ তাৰিখে মাৰহানা বেগম নামৰ ছাত্ৰীয়ে ইউনিফৰ্ম বিচাৰি প্ৰধান শিক্ষক আব্দুল মজিদৰ কাষ চাপে।

তেতিয়া প্ৰধান শিক্ষক আব্দুল মজিদে ইউনিফৰ্ম দিবলৈ অস্বীকাৰ কৰি হাতত ধৰি বলপূৰ্বক পাক মাৰে। হাতত জোৰকৈ পাক মৰাত গুৰুতৰ আঘাতপ্ৰাপ্ত হৈ ছাত্ৰীজনী মাটিত ঢলি পৰে। কিন্তু অতি নিৰ্দয়ভাৱে শিক্ষক গৰাকীয়ে কিল, বুকু, লাথি মাৰি শৰীৰৰ বিভিন্ন অংগত গুৰুতৰ জখম কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। শিক্ষক গৰাকীয়ে ছাত্ৰীজনীৰ কোমল হাত বলপূৰ্বক পাক মৰাত হাড় ভাগি বিচনাত পৰি ৰৈছে আহত ছাত্ৰী মাৰহানা বেগম (১১)।

ছাত্ৰী জনীৰ মাতৃ জাহানাৰা বেগমে আজি দেৱস্থান আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। ন্যায় বিচাৰি আৰক্ষীৰ ওচৰ চপাত ভুক্তভোগী পৰিয়ালটোলৈ নামি আহিছে চৰম ভাৱুকি। অভিযুক্ত প্ৰধান শিক্ষক আব্দুল মজিদে ভাৱুকী প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে। ন্যায় প্ৰদান কৰিবলৈ ভুক্তভোগী পৰিয়ালে প্ৰশাসনক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।