তিৱা স্বায়ত্ব পৰিষদে আহ্বান জনোৱা ১২ ঘণ্টীয়া মধ্য অসম বন্ধ নগাঁও জিলাৰ কঠিয়াতলীত সৰ্বাত্মক প্ৰভাৱ

 11/23/2020 - 13:17

 

 

কামপুৰঃ তিৱা স্বায়ত্ব পৰিষদে আহ্বান জনোৱা ১২ ঘণ্টীয়া মধ্য অসম বন্ধ নগাঁও জিলাৰ কঠিয়াতলীত প্ৰভাৱ সৰ্বাত্মক। প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কঠিয়াতলী চাৰিআলিত। প্ৰতিবাদকাৰী সকলো গাড়ী চলাচলত বাধা আৰোপ কৰে যদিও আৰক্ষীৰ বেষ্টনিৰ মাজৰে যান বাহন চলাচল কৰি আছে। অঞ্চলটোৰ সকলো ব্যৱসায়ীক প্ৰতিস্থান বন্ধ থাকে। উল্লখ্য যে নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে সোচ্ছাৰ হৈ পৰিছে তিৱা ছাত্ৰ সন্থা৷

এই নিৰ্বাচন অবৈধ আৰু অগণতান্ত্ৰিক আখ্যা দি নিৰ্বাচনৰ তীব্ৰ বিৰোধ কৰিছে তিৱা জনগোষ্ঠীৰ জাতীয় সংগঠন কৰিছে তিৱা ছাত্ৰ সন্থাই৷ ইতিমধ্যে নিৰ্বাচন বাতিল কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে৷ সোমবাৰে সংগঠণটোৱে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে প্ৰভাৱ পৰে। প্ৰতিবাদীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানৰে কঠিয়াতলীৰ আকাশ বতাহ কপাই তুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।