নগাঁৱত নিখিল ভাৰত কৃষক সভাৰ আমৰণ অনশন

 11/23/2020 - 16:04


নগাঁওঃ নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী কৃষকসকলক উপৰিপুৰুষৰ নামত থকা ৰায়তী খতিয়ানৰ নকল কপি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নিদিয়াৰ প্ৰতিবাদত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল ভাৰত কৃষক সভা নামৰ সংগঠনটোৱে। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে মিকিৰ বামুণী গ্ৰাণ্ট ৰক্ষা কৰাৰো দাবী উত্থাপন কৰে। সংগঠনটোৰ এই কাৰ্যসূচীত স্থানীয় বহু পুৰুষ-মহিলায়ো অংশগ্ৰহণ কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।