ডুমডুমাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 11/24/2020 - 19:30

 

ডুমডুমাঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মহাপ্ৰয়াণৰ ফলত সমগ্ৰ ৰাজ্যতে শোকৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে| বিশেষকৈ ৰাজ্যখনৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত নেতা গৰাকীৰ শুন্যতায়ে যথেষ্ট প্ৰিয়মান হোৱা পৰিলক্ষিত হৈছে|

ডুমডুমাৰ কংগ্ৰেছ কৰ্মীসকলে আজি জনপ্ৰিয় নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডুমডুমা চহৰৰ গান্ধী চকত| প্ৰয়াত গগৈৰ প্ৰতিছবিত পুস্পাঞ্জলী অৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে শেষ শ্ৰদ্ধা জনায় প্ৰয়াত নেতা গৰাকীক| 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।