বৰপেটা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনঃ ৰাইজৰ দলৰ আগত শূন্যত আউট হ’ব যেন বৰপেটা সমষ্টিৰ অগপ বিধায়ক

 12/04/2020 - 16:54

 

 
বৰপেটাঃ সদৰ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ ৪৩ নং বৰপেটা বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতি গঠনাৰ্থে আজি এখন সভা অনুষ্ঠিত হৈ যায়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু সন্তুছ ছেত্ৰীৰ যুটীয়া পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সংগঠণটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কাজী নাজিমুল হকে।

উক্ত সভাত উপস্থিত থাকি কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অসমৰ সুবিধাবাদী মিত্ৰতাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি আগন্তক দিনত ৰাইজৰ দলৰ চৰকাৰ গঠনৰ উদ্দেশ্যেৰে ভাষন প্ৰদান কৰি কৰ্মীসকলক জাগ্ৰত কৰি তোলাৰ প্ৰয়াস কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক হুছেইন মহম্মদ শাহজাহানে। ইপিনে ৰাজ্যিক আহ্বায়ক মনিৰুজ জামানে উপস্থিত থাকি কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষনত কয় যে, বৰপেটা সদৰ সমষ্টিত এইবেলি ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন সন্দৰ্ভত আজি অনুষ্ঠিত সভাত ৰাইজৰ যি উচ্ছাহ-উদ্দীপনা দেখা গৈছে যেন আগন্তুক অসম বিধান সভা নিৰ্বাচন নিশ্চিতভাৱে ৰাইজৰ দলৰ আগত স্থানীয় অগপ বিধায়কগৰাকী শূন্যত আউট হব।

আনহাতে দলটোৰ আন এগৰাকী ৰাজ্যিক আহ্বায়ক আশ্ৰাফুল ইছলামে অংশগ্ৰহণ কৰি নিজৰ ভাষন প্ৰসংগত কয় যে, প্ৰথমাৱস্থাতেই সত্তৰটাকৈ সংগঠণৰ মহাজোঁটবন্ধনেৰে গঠিত ৰাইজৰ দলৰ প্ৰতি জনসাধাৰণৰ যেনেকুৱা উজান উঠিছে যেন আগত নিৰ্বাচন চৰকাৰ গঠন হোৱাটো খাটাং হৈ পৰিছে। আনকি অনাগত সুবিধাবাদী আঞ্চলিক, ৰাষ্ট্ৰীয় দলসমূহক অনাগত দিনলৈ ৰাইজৰ দলৰ বৰদৈচিলাই মৃত্যুৰ উপত্যকালৈ ঠেলি দিব, সেয়া ধ্ৰুৱ সত্য। উল্লেখ্য যে, এই সমষ্টিৰ আহ্বায়ক সমিতি গঠন সভাত বিভিন্ন প্ৰান্তৰ প্ৰায় সহস্ৰাধিক লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।