ৰহাত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী আহ্বায়ক সমিতিৰ সংবাদ মেল

 12/05/2020 - 16:45

 

ৰহাঃ ৰহাত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী আহ্বায়ক সমিতিৰ সংবাদ মেল। তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছক ক্লিন ছুইপ কৰিব বিজেপিয়ে। এইবাৰ তিৱা স্বায়ত্ব পৰিষদ হ'ব কংগ্ৰেছমুক্ত স্বায়ত্ব পৰিষদ। সংবাদ মেলত এই দাবী কৰিলে বিজেপিৰ নিৰ্বাচনী আহ্বায়ক সমিতিখনে। তিৱা স্বায়ত্ব পৰিষদৰ বিজেপিৰ নিৰ্বাচনী আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক সাংসদ হৰেণসিং বে', সহ আহ্বায়ক দিপ্লুৰঞ্জন শৰ্মা, স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস, নগাঁও জিলাৰ বিজেপিৰ সভাপতি অভিজিত নাথ উপস্থিত থকা সংবাদ মেলত হৰেণসিং বে'য়ে কয় বিজেপি এটা সুসংগঠিত ৰাজনৈতিক দল আৰু সম উন্নয়ন আৰু সম বিকাশৰ বাবেই ৰাইজে তিৱা কাউন্সিলখন কংগ্ৰেছমুক্ত কৰিব।

আনহাতে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰি আহ্বায়ক সমিতিখনে জাতি মাটি ভেটি ৰক্ষাৰ বাবেই বিজেপিক ৰাইজে ভোট দিব বুলি কয়। ইপিনে সংবাদ মেলতে হাগ্ৰামা মাহিলাৰীক উভতি ধৰিলে ডিফুৰ সাংসদ হৰেণসিং বে'য়ে। তিনি দিনৰ পূৰ্বে হাগ্ৰামা মাহিলাৰীয়ে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙক পাগল বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ দি হৰেণসিং বে'য়ে কয় যে যিজনে এনে অসাংবিধানিক মন্তব্য কৰিব পাৰে তেওঁহে প্ৰকৃত পাগল। এসময়ত কাৰ্বি আংলঙলৈ আহি ডকাইটি কৰা হাগ্ৰামাক কাৰ্বি আংলঙৰ ৰাইজে বিচাৰ কৰিব বুলি কয়।

   

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।