দলগাঁৱত ভূত বাংলাত পৰিণত পানী যোগান আঁচনিঃ ১২ বছৰে গাঁওবাসীয়ে নাপালে ১২ গিলাচ বিশুদ্ধ খোৱাপানী

 12/05/2020 - 18:24

 

খাৰুপেটীয়াঃ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি গাঁৱে ভূঞে নিৰ্মাণ কৰা খোৱা পানী আচনি সমূহ এতিয়া বগা হাতীত পৰিনত হৈছে। এনে এটা আচনি হল দৰঙৰ দলগাঁৱৰ খগজানী গাঁৱৰ খোৱাপানী আঁচনিখন। বিভাগটোৰ অকৰ্মণ্যতা তথা উদাসীনতাৰ ফলতে বছৰ-বছৰ ধৰি পৰিতক্ত অৱস্থাত থকা পানী যোগান আঁচনিটো এতিয়া হাবি-জংঘলেৰে ভৰি পৰাৰ লগতে যন্ত্ৰ পাতি মামৰে ধৰি জহি খহি যাবলৈ ধৰিছে৷

উল্লেখযোগ্য যে অসম চৰকাৰৰ তদানীন্তন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীয়ে ২০০৮ চনত স্থানীয় বিধায়ক ইলিয়াচ আলিৰ সহযোগত গাঁওখনৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা আচনিখনে  বিগত ১২ বছৰে যোগান ধৰিব নোৱাৰিলে বাৰ গিলাচ বিশুদ্ধ খোৱাপানী। যাৰ ফলত বিশুদ্ধ খোৱাপানীৰ আশা বাদ দি দমকল, পুখুৰী আদিৰ আইৰণযুক্ত পানী খাবলৈ বাধ্য হৈ পৰিছে অঞ্চলবাসী। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।