শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

 12/06/2020 - 19:02

 

জামুগুৰিহাটঃ শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ এখন জৰুৰী কাৰ্য্যনিৰ্বাহক সভা দেওবাৰে তেজপুৰস্থিত সদৌ অসম সাংবাদিক সন্থা (আজু) ৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয়৷ জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত উক্ত সভাত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দিব্যজ্যোতি নাথ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যকৰী সভাপতি অপুৰ্ব বৰাকে ধৰি সকলোবোৰ বিষয় ববিয়া, কাৰ্য্যনিৰ্বাহক সদস্যৰ লগতে উপদেষ্টা মণ্ডলী উপস্থিত থাকি ভৱিষ্যত কাৰ্য্যপন্থা সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰি সু দিহাপৰামৰ্শ আগবঢ়ায়৷ সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আত্মাৰ সদগতি কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.