বিহালীৰ বৰগাঙত কা’ আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি ও সংকল্প সভা

 12/12/2020 - 20:00

 

বিহালীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত হোৱা তীব্ৰ গনতান্ত্ৰিক আন্দোলনৰ দমন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে আন্দোলনকাৰীৰ ওপৰত গুলী চালনা কৰি পাঁচজনকৈ যুৱকক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ আজি এটা বছৰ সম্পূৰ্ণ হোৱাত সমগ্ৰ অসমৰ লগতে বিহালীৰ বৰগাঙত বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি ও সংকল্প সভা অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে, বৰগাং ৰংগমঞ্চত আয়োজন কৰা অনুষ্ঠানত কা বিৰোধী আন্দোলনত বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰাবাস বৰণ কৰা নিৰ্যাতিত বিহালীৰ যুৱ নেতা অৰূপ তামুলী, প্ৰাঞ্জল প্ৰতীম শইকীয়া আৰু ভুমিধৰ দাসক কা বিৰোধী সমন্বয়ৰক্ষী সমিতি অসমৰ আহ্বায়ক তথা চিপিআই(এম-এল) নেতা বিবেক দাসে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ আৰম্ভণিতে কা আন্দোলনত শ্বহীদ হোৱা পাচজন যুৱকক  শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী শুভাৰম্ভ কৰে কা আন্দোলনত নিৰ্যাতিত আছু নেতা অৰূপ তামুলীয়ে।

স্থানীয় বৰ্ষীয়ান সমাজকৰ্মী জ্যোতিষ দাসে সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিবেক দাসে বিজেপি চৰকাৰে আপি দিয়া জনগন বিৰোধী আইন সমূহৰ উচিত প্ৰত্যুত্তৰ দিবৰ বাবে বিজেপি "হটাও দেশ বচাও" নীতিত সকলো গনতান্ৰিক সংগঠন বিজেপি বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ প্ৰচাৰ অভিযান কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে কা আন্দোলনৰ শ্বহীদ সকল আৰু নিৰ্যাতিত সকলৰ ত্যাগৰ মুল্য দিয়াৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে।

সভাত আছু নেতা অৰূপ তামুলী,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উপ-সভাপতি বিতোপন লহকৰ,অনুসুচীত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সিংহজিত হাজৰিকা, বিহালীৰ প্ৰাক্তন আছু নেতা অৱনী হাজৰিকা, কা আন্দোলনৰ নিৰ্যাতিত প্ৰাঞ্জল প্ৰতীম শইকীয়া, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা তথা সাংবাদিক দীপক শৰ্মা আদিয়ে বক্তব্য প্ৰদান কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আইছাৰ নেতা সভাৰ আহ্বায়ক জ্যোতিপ্ৰকাশ বৰাই, আদৰণি ও শলাগৰ শলাগৰ শৰাই আগবঢ়াই বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ মুখ্য আহ্বায়ক পৰিমল গোড়ে। শ্বহীদ শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে সাংবাদিক প্ৰনিতা ৰায় ভূঞাই। সভাত ভুপেন হাজৰিকা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী গীত পৰিৱেশন কৰে দীপশিখা বৰকটকী আৰু বন্যা গগৈয়ে। সভাত বিহালীৰ সকলো কা বিৰোধী দল সংগঠনে ঐক্যবদ্ধ তীব্ৰ সংগ্ৰাম আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।