গোলাঘাট জিলাৰ মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ উদ্যোগত কছাৰিহাট হাইস্কুলত আলোচনা চক্ৰ

 12/12/2020 - 20:06

 

দেৰগাঁওঃ গোলাঘাট জিলাৰ মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ উদ্যোগত কছাৰিহাট হাইস্কুলত আলোচনা চক্ৰ আৰু ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ্থীৰ বাবে গণিত, ইংৰাজী, সমাজ বিজ্ঞান সম্ভাব্য প্ৰশ্ন সংকলন উন্মোচন কৰে।

প্ৰশ্ন সমৃদ্ধি উন্মোচন কৰে ড° সমীৰণ বৰাই। সম্পাদনা ধ্ৰুৱজ্যোতি শইকীয়া। ৰাস্ত্ৰীয় শিক্ষানীতিৰ ওপৰত আলোচনা চক্ৰ। সমল ব্যক্তি মন্দাকিনী ডেকা, প্ৰবক্তা, ডায়েট, দেৰগাঁও। আলোচনা চক্ৰ উদ্বোধন কৰে প্ৰশান্ত ডেকা, প্ৰধান শিক্ষক, কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয়।

বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে  ফটিক গগৈ, সম্পাদক, অধিবিদ্যা পৰিষদ। লোকেন্দ্ৰ বৰা, সভাপতি, গোলাঘাট জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা, নিপন দত্ত, সম্পাদক, গোলাঘাট জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা। কৰুণাকান্ত ৰাজবংশী, সম্পাদক, কৰ্মচাৰী পৰিষদ, গোলাঘাট জিলা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।