লংকাৰ ২নং ৰে’ল গেটৰ সমিপত ৰে’ল লাইনৰ দাঁতিত পৰিত্যক্ত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

 12/13/2020 - 16:40

 

লংকাঃ লংকাৰ ২নং ৰে’ল গেটৰ সমিপত ৰে’ল লাইনৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। ৰে’লৰ খুন্দাত মৃত্যু হোৱা সন্দেহ ৰে’ল আৰক্ষীৰ। মৃত হোৱা যুৱকজনৰ বয়স আনুমানিক ২৫-২৬ বছৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত ব্যক্তিজনৰ পৰিচয়। পিছত ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো লংকা ৰে’ল ষ্টেচনলৈ নিয়াৰ লগতে মৰোনত্বৰ পৰিক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।