শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাস মহোৎসৱৰ সফল সমাপ্তি

 12/14/2020 - 12:04

 

জামুগুৰিহাটঃ শৰতৰ কালৰাত্ৰী অতি বিতুপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন। শ্ৰীকৃষ্ণৰ বন্দনা আৰু খোল-তালৰ ধ্বনিয়ে ৰজনজনালে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাঙ্গনত যুৱকসকলে অনুষ্ঠিত কৰা জামুগুৰি কেন্দ্ৰীয় ৰাস মহোৎসৱভাগৰ সফল সমাপ্তি ঘটে কালি(দেওবাৰে)নিশা। বাদ্যৰ তালে তালে গোপীৰ নৃত্যৰ লয়লাসেৰে মুখৰিত জামুগুৰিহাটৰ চৌপাশ। চাৰিওফালে আনন্দময় পৰিৱেশ।

ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি শ্ৰী শ্ৰী ৰাসলীলা উদযাপন কৰিলে সংস্কৃতিৰ ক্ষেত্ৰ হিচাপে পৰিচিত জামুগুৰিহাটত। ক’ৰণা মহামাৰীয়ে আনি দিয়া আতংকময় পৰিৱেশৰ মাজতে সম্পূৰ্ণ কভিড প্ৰটকল মানি ৰবিবাৰে অনুষ্ঠিত কৰিলে জামুগুৰিহাটৰ এই কেন্দ্ৰীয় ৰাস মহোৎসৱভাগ। উক্ত ৰাস মহোৎসৱভাগ শুভাৰম্ভ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। মুখ্যশিল্পী তথা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউট পষ্টৰ”সুদক্ষ অভিনেতা ৰাকেশ আৰু মুকুতাই। তেওঁলোকৰ হাস্যৰসাত্মক অভিনয়ৰে ৰাইজৰ বিপুল সঁহাৰী লাভ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।