দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত কৃষক বিৰোধী কৃষি আইন আৰু বিদ্যুত বিল বাতিলৰ দাবীত কলগাছিয়াত প্ৰতিবাদী সমদল

 12/14/2020 - 18:03

 


কলগাছিয়াঃ কেন্দ্ৰৰ মোডী চৰকাৰে গ্ৰহণ কৰা তিনিখন কৈ কলা কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নবেম্বৰৰ পৰা দিল্লীত অব্যাহত আছে ঐতিহাসিক কৃষক বিদ্ৰোহ। আন্দোলনত ৩৫ গৰাকীকৈ কৃষকে শ্বহীদৰ মৃত্যু বৰণ কৰাৰ পিছতো হৃদয় স্পৰ্শ কৰা নাই কৰ্পৰেটৰ হাতৰ পুতলা চৰকাৰখনৰ। এই আন্দোলনৰ সমৰ্থনত আজি কলগাছিয়াত বৃহত কৃষক সমদল আৰু পথ অৱৰোধ কাৰ্যসূচী অনুষ্ঠিত হয়।

শান্তিপূৰ্ণ এই কৃষক আন্দোলন বন্ধ কৰাৰ উদ্দেশ্য কলগাছিয়া আৰক্ষীয়ে আন্দোলনকাৰী সকলোক টনা-আজোৰা কৰে। আনকি অ, ছি, ভাস্কৰ জ্যোতি দাসে মহিলাৰ হাতত ধৰি টনা আজোৰা কৰাত অ, ছি, ভাস্কৰ জ্যোতি দাস গো বেক ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে আন্দোলনকাৰী সকলে।

অ, চি, গৰাকীৰ এই কাৰ্যক সৰ্বত্ৰে ধিক্কাৰ জনোৱাৰ লগতে আগত দিনত এনে কাৰ্যৰ পৰা দূৰত থাকিবলৈ তেওঁক হুচিয়াৰি প্ৰদান কৰে আন্দোলনৰ নেতৃত্বই। ঘটনাস্থলীত উপস্থিত থকা উপ-আৰক্ষী অধীক্ষকে অ,ছিৰ বিৰূদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।