তুংগত উঠিছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰঃ নিশালৈকে প্ৰচাৰত নামিল বিজেপিৰ সভাপতি ৰঞ্জিত দাস

 12/15/2020 - 14:42

 

 

 

কামপুৰঃ মধ্য অসমত তুংগত উঠিছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। মাজ নিশালৈকে প্ৰচাৰ চলাইছে ৰাজনৈতিক দলবোৰৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে। বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ ৩০ নং নামবৰ লালুং আৰু ৩১ নং লালুংপাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈ আৰু মদন বৰদলৈৰ হৈ সোমবাৰে সন্ধ্যা ভাগত নিৰ্বচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ছুমু ৰংহাং, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰনয়ন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, নগাঁও জিলা কিষান মৰ্চাৰ উপ সভাপতি উত্তম চন্দ্ৰ দাসকে ধৰি বিজেপিৰ বহু হাইপ্ৰফাইল নেতা। সাংবাদিকৰে হোৱা কথা বতৰাত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানে যি নকওক কংগ্ৰেছ দল একৰ পৰা শূন্যলৈ যাব বুলি মন্তব্য কৰে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।