মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আইন বিৰোধী- মাদ্ৰাছা সমন্বয়ৰক্ষী সমিতি

 12/17/2020 - 15:08

 


বৰপেটাঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানবোৰ বন্ধ কৰিব বুলি কৰা ঘোষণা আৰু এই সন্দৰ্ভত যোৱা ১৩ ডিচেম্বৰত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সম্পূৰ্ণ আইনবিৰোধী৷ এই মন্তব্য আগবঢ়াইছে অসম মাদ্ৰাছা সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক আমিৰুল ইছলামে৷ তেওঁ কয় যে, পূৰ্বৰ প্ৰচলিত আইন অনুসৰি মাদ্ৰাছা শিক্ষানুষ্ঠানবোৰ বছৰ বছৰ ধৰি চলি আছে৷

আইন অনুসৰি চলি থকা শিক্ষানুষ্ঠানবোৰ বন্ধ কৰিব বিচৰাটো সম্পূৰ্ণ আইন বিৰোধী বুলি কয় সমন্বয়ক গৰাকীয়ে৷ তেওঁ লগতে কয় যে, মাদ্ৰাছা শিক্ষানুষ্ঠান সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে অপব্যাখ্যা কৰি আছে৷ মন্ত্ৰী গৰাকীয়ে মাদ্ৰাছা শিক্ষানুষ্ঠানত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰি অহা বুলি প্ৰচাৰ চলাই আছে যদিও প্ৰকৃততে এনে শিক্ষানুষ্ঠানত ছেৱাৰ অন্তৰ্গত সকলো পাঠ্যক্ৰম শিকোৱাৰ লগতে কেৱল আৰবী শিক্ষাহে প্ৰদান কৰা হয়৷ ৰাজনৈতিক উদ্দেশ্যত মন্ত্ৰী গৰাকীয়ে এনে কাম কৰি অহা বুলি তেওঁ কয়৷ আৰ এছ এছৰ নিৰ্দেশত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানবোৰ বন্ধ কৰিব বিচৰাৰ কামত জড়িত হোৱা বুলি অভিযোগ কৰে অসম মাদ্ৰাছা সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক গৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।