12/19/2020 - 19:36
in

লংকাঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। লংকাত পুনৰ বনৰীয়া হাতীয়ে প্ৰাণ ল'লে এগৰাকী মহিলাৰ। নিহত মহিলা গৰাকী মথুৰাবিল অঞ্চলৰ মিনা কুৰ্মী(৬০)ৰ বুলি চিনাক্ত। লামডিং বনাঞ্চলৰ মাজেৰে লংমাইলু অঞ্চললৈ হৈ থকা অৱস্থাত হাতীৰ আক্ৰমণ বলি হয় মহিলা গৰাকী। ইতিমধ্যে ঘটনাস্থলী লংকা আঞ্চলিক বনবিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। বিগত ডেৰ মাহৰ ভিতৰত হাতীৰ আক্ৰমণত নিহত হোৱা এইটো চতুৰ্থটো ঘটনা।